Tuesday, November 17, 2015

redlight

এজাক
ধুমুহাই যেতিয়া
বুকুখন খচমচাই, গচকি থৈ যায়
মই
নিস্থৰ হৈ চাওঁ নিজকে
আহল বহল আয়নাখনত,
দেখো - চাই থাকো
চকুলোবোৰ কেনেকে এলানি এলানি বৈ থাকে নোৰোৱাকৈ।
হাঁহি উঠে।
ৰাস্তাৰ ট্ৰাফিকো যদি এনেকৈ
যাব পাৰিলে হৈ নোৰোৱাকৈ।
চকুলোবোৰ বৈ থাকে, গৈ থাকে
ৰাস্তাৰ গাড়ি, ঘৰ
তোমাৰ মোৰ উৰণিয়া জীৱন
আৰু
আশা, হেপাঁহ
ৰৈ থাকে
চাৰিআলিৰ ৰেডলাইটত!

No comments:

Post a Comment