Monday, July 29, 2013

আকাশ যে কেতিয়াও পুৰণি নহয় !

মোৰ বুকুত 
জাপ জাপ কে থৈ দিয়া আছে 
এখন এখন বিশাল আকাশ 

ক'লা  মেঘৰ গুমুথা আকাশ  - ঠিক যেন  তুমি উপচ  ধৰিচা
কপাহি মেঘৰ শুকুলা আকাশ  - তুমি যেন মোক হাত বাউল দি মাতিচা 
ৰাতিপুৱাৰ আকাশ  - তোমাৰ ফৰকাল হাঁহিতোৰ দৰে
গধুলিৰ আকাশ  - তুমি আকৌ আহিম বুলি কৈচা 
আৰু এই দূপৰ ৰাতিৰ গভীৰ আকাশ  - তুমি যেন নিৰিবিলি খিনি সাবটি বহি আছা 

কিমান যে আকাশ ঠাহ খাই আছে 
জাপ জাপ কে  মোৰ বুকুৰ মাজত…

তুমি আহিবা 
কেতিয়াবা সময় পালে মোৰ এই  আকাশত এপাক দুপাক উৰা  মাৰি চাবা 


ৰৈ আছে মোৰ আকাশ …
 আকাশ যে  কেতিয়াও পুৰণি নহয়…
আকাশ যে  কেতিয়াও পুৰণি নহয় !




No comments:

Post a Comment